৭ মাৰ্চত মাজুলীৰ সকলো কৰ্মচাৰীৰ বাবে বেতনসহ বন্ধ ঘোষণা

81

মাজুলীৰ উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু দুটা দিন বাকী। অহা ৭ মাৰ্চত অনুষ্ঠিত হবলগীয়া মাজুলীৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ সকলো কৰ্মচাৰীৰ বেতনসহ বন্ধ ঘোষণা কৰা হৈছে

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১৩৫ বি-ৰ আধাৰত ঘোষণা কৰা এই বেতনসহ বন্ধৰ সময়ছোৱাত সমষ্টিটোৰ উপ-নিৰ্বাচনৰ ভোট দানৰ বাবে যোগ্য সকলো কাৰখানা, দোকান, বাণিজ্যিক প্ৰতিষ্ঠান, ৰাজহুৱা আৰু এনেধৰণৰ অন্যান্য উদ্যোগৰ কৰ্মচাৰীয়ে বন্ধ লাভ কৰিব। উপ-নিৰ্বাচনত ভোটদানৰ সুবিধা প্ৰদান কৰাৰ অৰ্থে কৰ্মচাৰীসকলৰ বাবে ঘোষণা কৰা হৈছে এই বন্ধ।

আনহাতে, সমষ্টিটোৰ ভোটাৰ হিচাপে পঞ্জীভূত থকা কিন্তু সমষ্টিটোৰ বাহিৰত কৰ্মৰত কৰ্মচাৰী সকলেও নিৰ্দিষ্ট দিনটোত বন্ধ লাভ কৰিব। একেদৰে এই বন্ধ লাভ কৰিব দৈনিক মজুৰী প্ৰাপ্ত অস্থায়ী শ্ৰমিক সকলেও।

যদি কোনো নিয়োগকৰ্তাই এই নিৰ্দেশ অমান্য কৰে, তেন্তে আইন অনুসৰি শাস্তি প্ৰদান কৰা হব আৰু ৫০০ টকা পৰ্যন্ত জৰিমনা বিহা হব পাৰে।