কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যিকোনো দেশতে সতৰ্ক আৰক্ষী অবিহনে সীমান্ত আৰু আভ্যন্তৰীণ নিৰাপত্তা সম্ভৱ নহয়। ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত দিয়া ভাষণত এই মন্তব্য কৰে অমিত শ্বাহে। উল্লেখ্য যে আজি আৰক্ষী স্মৃতি দিৱস আৰু এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধত উপস্থিত হয়।
ভাষণত অমিত শ্বাহে কয়, ”মই দেখিছোঁ যে দেশৰ সেৱা কৰা আন লোকৰ তুলনাত আৰক্ষীৰ কৰ্তব্যই আটাইতকৈ প্ৰত্যাহ্বানজনক। যিকোনো ঋতু আৰু উৎসৱত আইন-শৃংখলা বজাই ৰাখিবলৈ সদায় কৰ্তব্যত নিয়োজিত হৈ থাকে আৰক্ষী জোৱান। সন্ত্ৰাসবাদ হওক, অপৰাধ হওক বা বৃহৎ জনসমাগম নিয়ন্ত্ৰণ কৰা হওক, সাধাৰণ মানুহৰ সুৰক্ষাৰ বাবে আৰক্ষী সদায় উপস্থিত থাকে। আমাৰ দেশৰ আৰক্ষীয়ে সদায় নিজকে প্ৰমাণ কৰি আহিছে।’’
উত্তৰ-পূৰ্বাঞ্চলত সন্ত্ৰাসবাদ, বাওঁপন্থী উগ্ৰবাদ আৰু অন্যান্য উগ্ৰপন্থী ঘটনা ৬৫ শতাংশ হ্ৰাস পোৱা বুলি উল্লেখ কৰে অমিত শ্বাহে। দেশৰ বাওঁপন্থী উগ্ৰবাদ ক্ষতিগ্ৰস্ত ৰাজ্য, উত্তৰ-পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰলৈ আহিছে শান্তি। ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোডী চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে আৰু কঠোৰ আইন প্ৰণয়ন কৰিছে। আৰক্ষীক আধুনিকীকৰণৰ বাবে পুলিচ টেকন’লজি মিছন স্থাপন কৰি বিশ্বৰ শ্ৰেষ্ঠ সন্ত্ৰাসবাদ বিৰোধী শক্তি সৃষ্টিৰ দিশতো কাম কৰা হৈছে।
এন ডি আৰ এফৰ প্ৰশংসা কৰি অমিত শ্বাহে কয় যে যিমানেই ডাঙৰ দুৰ্যোগ নহওক কিয়, এন ডি আৰ এফৰ জোৱান যেতিয়া তাত উপস্থিত হয় তেতিয়া মানুহে বিশ্বাস কৰে যে এতিয়া কোনো সমস্যা নহ’ব। আৰক্ষীৰ কল্যাণৰ বাবে চলি থকা আঁচনিসমূহৰ কথাও উল্লেখ কৰে শ্বাহে। দেশৰ স্বাধীনতাৰ পিছৰে পৰা ৩৬২৫০ জন আৰক্ষীয়ে দেশৰ সেৱা কৰি নিজৰ প্ৰাণ আহুতি দিছে। আৰক্ষী স্মৃতি দিৱস উপলক্ষে এই সকলো শ্বহীদ আৰক্ষীক অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰণিধানযোগ্য যে প্ৰতি বছৰে ২১ অক্টোবৰ দিনটো সমগ্ৰ দেশতে আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰা হয়। ১৯৫৯ চনত সীমান্ত ৰক্ষা কৰি থকাৰ সময়তে চীনৰ সৈতে হোৱা যুঁজত প্ৰাণ হেৰুৱাই পেলোৱা ১০ জন আৰক্ষীৰ বলিদানক স্মৰণ কৰি আৰক্ষী স্মৃতি দিৱসৰ আয়োজন কৰা হয়। এই দিনটোত আৰক্ষী জোৱানসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰো প্ৰতিফলন ঘটিছে।
