গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ ৫৬ সংখ্যাক মৃত্যু বাৰ্ষিকী উপলক্ষে দেওবাৰে ছ’চিয়েল নেটৱৰ্কিঙ ছাইট ইনষ্টাগ্ৰাম যোগে গীতে মাতে স্মৰণ কৰিলে কেইবাগৰাকী কন্ঠশিল্পীয়ে। কৰ’না ভাইৰাছৰ বাবে দেশত হোৱা শেহতীয়া পৰিস্থিতিৰ ইনষ্টাগ্ৰামৰ যোগেদি এক লাইভ অনুষ্ঠানৰ আয়োজন কৰি কন্ঠশিল্পী প্ৰশান্ত ৰাজখোৱা, মালবিকা বৰা, প্ৰণতি বৰুৱা, ধনজিতা দাস, আলেখ্য চক্ৰৱৰ্তী, ইস্পিতা হাজৰিকা, মাধুস্মিতা ভট্টাচাৰ্যই গীতি কবি গৰাকীৰ গীত পৰিবেশন কৰি তেওঁক স্মৰণ কৰে। উল্লেখ কন্ঠশিল্পী প্ৰশান্ত ৰাজখোৱাই শনিবাৰে মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱতো ইনষ্টাগ্ৰামৰ যোগেদি বৰগীত, ঘোষা পৰিবেশন কৰি মহাপুৰুষ জনাক স্মৰণ কৰে।
Latest article
ব্যতিক্ৰমৰ উদ্যোগত ত্ৰিপুৰাত অনুষ্ঠিত ‘ব্যতিক্রম এডোকেচন কনক্লেভ ২.০’ ৰ সফল সমাপ্তি
ব্যতিক্রম উদ্যোগত আয়োজিত আগৰতলাৰ হোটেল প'লো টাৱাৰত ব্যতিক্রম এডুকেশান কনক্লেভ২.০ ৰ সফল সমাপ্তি হ'য়। প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত আয়োজিত এই কনক্লেভত ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন...
আৰণ্যকৰ ওৰাঙৰ পৰা ৰাইমনালৈ “ৰাইড্… ফৰ্… কনজাৰভেশ্যন” চাইকেল ৰেলী
দেশৰ অন্যতম অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ ৩৫ বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাত সাধাৰণ ৰাইজৰ অংশগ্ৰহণৰ নিশ্চিত কৰাৰ বাৰ্তা...
ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত চৰ্চিত এনইএছএফবি, ফিনটেক ক্ষেত্ৰখনত অসমৰ উত্থানৰ প্ৰদৰ্শন
অসমৰ প্ৰথম ইউনিকৰ্ণ আৰু ভাৰতৰ অগ্ৰণী ফিনটেক চালিত বেংক নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)-এ ৩-৫ এপ্ৰিলৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত...