৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে ন্যায়াধীশ সঞ্জীৱ খান্নাই

185

আজি দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে ন্যায়াধীশ সঞ্জীৱ খান্নাই। পুৱা ১০ বজাত ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ সঞ্জীৱ খান্নাক শপত বাক্য পাঠ কৰায়। মুখ্য ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাই ২০২৫ চনৰ ১৩ মে’লৈকে দায়িত্ব বহন কৰিব।শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যকাল সামৰণি পৰে ডি ৱাই চন্দ্ৰচূড়ৰ। তেখেতৰ পিছতে ন্যায়াধীশ সঞ্জীৱ খান্নাক দেশৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। আজি সঞ্জীৱ খান্নাই ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে।১৯৬০ চনৰ ১৪ মে’ত দিল্লীত ন্যায়াধীশ খান্নাৰ জন্ম হৈছিল। লক্ষণীয়ভাৱে তেওঁৰ পিতৃ ন্যায়াধীশ দেৱ ৰাজ খান্না দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। ২০০৪ চনত তেওঁ দিল্লীৰ ষ্টেণ্ডিং কাউন্সেল (চিভিল) হিচাপে নিযুক্তি লাভ কৰে। ন্যায়াধীশ খান্নাই অতিৰিক্ত পাব্লিক প্ৰচিকিউটৰ হিচাপে দিল্লী উচ্চ ন্যায়ালয়ত বহু অপৰাধমূলক গোচৰত উপস্থিত আছিল। ২০১৯ চনৰ ১৮ জানুৱাৰীত সঞ্জীৱ খান্নাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নীত কৰা হৈছিল।উল্লেখ্য যে প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে যোৱা ১৬ অক্টোবৰত মুখ্য ন্যায়াধীশ পদৰ বাবে ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নাম পৰামৰ্শ দিছিল। ইয়াৰ পাছতে ২৪ অক্টোবৰত ন্যায়াধীশ খান্নাক মুখ্য ন্যায়াধীশ পদত নিযুক্তি দিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে কেন্দ্ৰই।