৫০ শতাংশ ভাৰা বৃদ্ধিৰে যোৰহাটৰ পৰা চলিব বাছ-ট্ৰেভেলাৰ

111

যোৰহাটৰ বাছ-ট্ৰেভেলাৰ সন্থাৰ ৫০ শতাংশ ভাৰা বৃদ্ধিৰে গাড়ী চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৰহাট জিলা বাছ, ট্ৰেভেলাৰ মালিক পৰিচালনা সমিতি আৰু যোৰহাট জিলা দিবা-নৈশ বাছ মালিক সন্থাই বাছ ভাৰা বৃদ্ধি সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিছে।

ভাৰা বৃদ্ধি নকৰিলে গাড়ী চলাব পৰা নাযাব বুলি সন্থাৰ বিষয়ববীয়াসকলে স্পষ্ট কৰি দিয়ে। বাছ ভাৰা বৃদ্ধি কৰাক লৈ আৰক্ষী-প্ৰশাসনে বাধা আৰোপ কৰিলে অনিৰ্দিষ্টকাললৈ গাড়ী চলোৱা বন্ধ কৰি দিব বুলি জানিবলৈ দিছে সন্থাৰ বিষয়ববীয়াসকলে।

সন্থাৰ বিষয়ববীয়াসকলে জনায় যে, বৰ্তমান সময়ত ইন্ধনকে ধৰি গাড়ীৰ বিভিন্ন পাৰ্টছ আদিৰ অত্যাধিক মূল্যবৃদ্ধি ঘটাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ ভাৰাৰ নিৰিখত কোনোপধ্যেই গাড়ী চলাব নোৱাৰি। ইঞ্চুৰেঞ্চ আৰু চৰকাৰক দিব লগা কৰৰ বিনিময়ত এখন বাছৰ ক্ষেত্ৰত বছৰি প্ৰায় দুই লাখ টকা ব্যয় হয়। বিগত কেইবামাহ ধৰি গাড়ীসমূহৰ চলাচল বন্ধ থকাত ঋণ পৰিশোধ কৰিব পৰা নাই।

ইফালে ইন্ধনৰো বহু মূল্যবৃদ্ধি ঘটিল। কিন্তু চৰকাৰে কোনো ক্ষেত্ৰতে ৰেহাই দিয়া নাই। সেয়েহে ভাৰা বৃদ্ধি নকৰিলে গাড়ী চলোৱাটো সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছে সন্থাটোৱে।

আনহাতে গাড়ীসমূহৰ চলাচল বন্ধ হৈ আছে যদিও ৩০ চেপ্টেম্বৰৰ পূৰ্বে টেক্সসমূহ দিবলৈ চৰকাৰী নিৰ্দেশ জাৰি কৰাত বিপাঙত পৰিছে বাছৰ মালিকসকল। ভাৰা বৃদ্ধিৰ বিষয়টো চৰকাৰৰ সৈতে আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ আগ্ৰহী বাছ, ট্ৰেভেলাৰৰ মালিকসকল।