৫ বছৰৰ বাবে PFIক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

267

অসম তথা সমগ্ৰ ভাৰততে PFIৰ কেইবাজনো সদস্য গ্ৰেপ্তাৰৰ পিছতে মুছলিম সংগঠনটোক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।

কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া চমুকৈ PFIক।

৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছে সংগঠনটোক।

এক জাননী জাৰি কৰি এই কথা অৱগত কৰিছে কেন্দ্ৰীয় চৰকাৰে।

আনহাতে PFIৰ সহযোগী সংগঠন CFI, RIF, AIIC আৰু NCHRO কো নিষিদ্ধ ঘোষণা চৰকাৰৰ।

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।