৫ দিনৰ অন্তত উদ্ধাৰ সৰুপথাৰৰ সন্ধীনহীন গো-ব্যৱসায়ী ইফটিকাৰৰ মৃতদেহ, ৩ জনক গ্ৰেপ্তাৰ

53

সৰুপথাৰঃ ৫ দিনৰ অন্তত সোমবাৰে উদ্ধাৰ হ’ল গোলাঘাট জিলাৰ সৰুপথাৰৰ সন্ধানহীন যুৱ গো-ব্যৱসায়ী ইফটিকাৰ আহমেদৰ মৃতদেহ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৩ ঘাটকৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপথাৰৰ পাভজান গাঁৱৰ ভগৱান চাহ বাগিছাৰ ৭নং লাইনৰ পথাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় ইফটিকাৰ আহমেদৰ মৃতদেহ৷ তাৰ পিছতে ইফটিকাৰৰ উৰিয়ামঘাট বজালীবাৰীৰ ঘৰখনত কান্দোনৰ ৰোল উঠে৷

উল্লেখ্য যে, বৃহস্পতিবাৰে এটা ফোন কল অহাৰ পাছত ইফটিকাৰ আহমেদে গৰু কিনিবলৈ বুলি নগত প্ৰায় ১ লাখ টকা লৈ ঘৰৰ পৰা ওলাই গৈছিল বাইকেৰে৷ তাৰ পিছতে যুৱকজন ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে স্থানীয় থানাত অৱগত কৰে৷ আনহাতে গৰু কিনা হ’ব বুলি বৰপথাৰৰ পাভজান গাঁৱলৈ পঠিওৱা 8471879252 নম্বৰটোৰ আঁত ধৰি পৰিয়াল, স্থানীয় আৰু আৰক্ষীয়ে অনুসন্ধান চলায়৷

তাৰ পিছতে ইফটিকাৰৰ অপহৰণৰে জড়িতৰ সন্দেহত স্থানীয় সংগঠনে অসম-নগালেণ্ড সীমান্তৰ চেইনপুৰৰ পৰা বিকাশ তাতী, অনন্ত তাতী আৰু সৰু কৰ্মকাৰ নামৰ ৩জনক আটক কৰি আৰক্ষীক চমজাই দিয়ে৷ আৰক্ষীৰ জেৰাত অভিযুক্ত ৩ জনে যুৱ ব্যৱসায়ীজনক হত্যা কৰি পুতি থোৱা বুলি স্বীকাৰ কৰে৷ ঘাটকৰ স্বীকাৰোক্তি অনুসৰি একমাত্ৰ টকাৰ বাবেই হত্যা কৰিছিল ইফটিকাৰ আহমেদক৷ আনহাতে এই সমস্ত হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড হেম বৰুৱা এতিয়াও পলাতক হৈ আছে৷

সোমবাৰে ৭নং লাইনত গাতত পুতি থোৱা অৱস্থাত ইফটিকাৰ আহমেদৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীৰে স্থানীয় ৰাইজ আৰু ভালেকেইটা সংগঠনে পৰিৱেশ উত্তাল কৰি তোলে৷ আৰক্ষীয়ে মৃতদেহটো বৰ্তমান মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷