উত্তৰ পূৰ্বাঞ্চলৰ পাঁচখন ৰাজ্য ক্ৰমে অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমকলৈ গঠিত বাৰ কাউঞ্চিলে একাংশ অধিবক্তাৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত প্ৰায় ১২০০ অধিবক্তাক বাৰ কাউন্সিলে সাহার্য প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পাঁচখন ৰাজ্যত সম্প্ৰতি প্ৰায় ২৪ হাজাৰ অধিবক্তাই ওকালতি কৰি আছে। উল্লেখ ৩৭৫০ গৰাকী অধিবক্তাই সাহাৰ্য বিচাৰি আবেদন কৰিছে আৰু তেওঁলোকৰ মাজৰ পৰা ১২০০ অধিবক্তাক বাৰ কাউন্সিলে সাহার্য দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি এক বিবৃতি যোগে বাৰ কাউন্সিলৰ অধ্যক্ষ হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু নিৰ্বাচিত সদস্য বেণুধৰ নাথ আৰু ইফটিকাৰ ৰফিকে জনাইছে।
