৪৮ ঘণ্টাৰ বাবে ধুবুৰীত ড্ৰাই ডে’ ঘোষণা

86

৩০ অক্টোবৰত অনুষ্ঠিত হবলগীয়া কোকৰাঝাৰ জিলাৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৪৮ ঘণ্টাৰ বাবে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে ধুবুৰী জিলাত।

ধুবুৰী জিলাৰ উপায়ুক্তই এক নিৰ্দেশ জাৰি কৰি কয় যে ২৮ অক্টোবৰৰ সন্ধিয়া ৫ বজাৰ পৰা ৩০ অক্টোবৰৰ সন্ধিয়া ৫ বজালৈ ৪৮ ঘণ্টাৰ বাবে জিলাখনত বিদেশী সুৰাৰ সকলো বিপনী বন্ধ থাকিব।

উল্লেখ্য যে, ধুবুৰী জিলাৰ সৈতে একেটা সীমাত লাগি থকা কোকৰাঝাৰ জিলাত উপ-নিৰ্বাচনৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিলাখনত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।