৪ ফেব্ৰুৱাৰীত পৰ্যটকৰ বাবে বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী…

133

সাধাৰণ পৰ্যটকৰ বাবে অহা ৪ ফেব্ৰুৱাৰীত বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী।

এই কথা বুধবাৰে অৱগত কৰে অসম বন বিভাগে।

অহা ৪ ফেব্ৰুৱাৰীত জি-২০ৰ প্ৰতিনিধিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু আগৰতলি ৰেঞ্জত সাধাৰণ পৰ্যটকৰ বাবে ৪ ফেব্ৰুৱাৰীত জীপ ছাফাৰী বন্ধ থাকিব।

পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ৰ জাননীত উল্লেখ কৰা হৈছে যে, “২০২৩ চনৰ ৪ ফেব্ৰুৱাৰীত জি-২০ৰ প্ৰতিনিধিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত বাগৰি, কাজিৰঙা আৰু আগৰতলি ৰেঞ্জৰ জীপ ছাফাৰী সাধাৰণ পৰ্যটকৰ বাবে বন্ধ থাকিব।”

অৱশ্যে এই সময়ছোৱাত পূৰ্বৰ দৰেই অব্যাহত থাকিব হাতী ছাফাৰী।