বাতিল কৰা হৈছে ৪ জানুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া ‘নিয়োগ মেলা’। ৰিহাবাৰীস্থিত জিলা নিয়োগ বিনিময় কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, অনিবাৰ্য কাৰণবশতঃ এই নিয়োগ মেলা বাতিল কৰা হৈছে।
উল্লেখ্য যে, ‘নেশ্বনেল কেৰিয়াৰ চাৰ্ভিচ প্ৰজেক্ট’তে অনুষ্ঠিত কৰাৰ কথা আছিল ‘নিয়োগ মেলা’।
আনহাতে, কিছুদিন পূৰ্বে ৰাজ্যজুৰি অনুষ্ঠিত হোৱা নিয়োগ মেলাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। চৰকাৰী চাকৰিৰ বিজ্ঞাপন দি শেষ মুহূৰ্তত ব্যক্তিগত খণ্ডৰ ৭-৮ হাজাৰ টকীয়া সংস্থাপনৰ বাবে নিয়োগ মেলা অনুষ্ঠিত কৰাক লৈ নিবনুৱাসকলৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটা দেখিবলৈ পোৱা গৈছিল।
