৩১ হাজাৰ গজালেৰে চিত্ৰ অংকন কৰি সুশান্ত সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে অসমৰ সৌৰভ মণ্ডলে

83

এবছৰ পূৰ্বে আজিৰ দিনটোতে জীৱনৰ মোহ এৰি আত্মহত্যাৰ পথ বাচি লৈছিল বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতে। অভিনেতাগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত তেওঁৰ অসংখ্য গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰিয় অভিনেতাগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত এক অনন্য ৰূপত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে অসমৰ এজন অনুৰাগীয়েও।

চিৰাং জিলাৰ বাসুগাঁৱৰ সৌৰভ মণ্ডলে ৩১ হাজাৰ গজালেৰে অভিনেতাজনৰ চিত্ৰ অংকন কৰি অনন্য ৰূপত আজি জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলি। ত্ৰিপুৰা বিশ্ববিদ্যালয়ত এম কমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ সৌৰক্ষ মণ্ডলে প্লাই বোৰ্ডত গজালেৰে প্ৰস্তুত কৰি উলিয়ায় সুশান্ত সিঙৰ চিত্ৰ।

সৌৰভ মণ্ডলে জানিবলৈ দিয়া মতে, সুশান্ত সিঙৰ চিত্ৰখন সম্পূৰ্ণ কৰিবলৈ তেওঁক প্ৰয়োজন হৈছিল ৩১ হাজাৰ গজাল। এই চিত্ৰ অংকন কৰোতে তেওঁক প্ৰয়োজন হৈছিল ৪০ ঘণ্টা সময়। উল্লেখ্য যে, ইয়াৰ পূৰ্বে মুখেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিত্ৰ অংকন কৰি চৰ্চাত আহিছিল সৌৰভ মণ্ডল।

তেওঁ পূূৰ্বে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ “এক্সট্ৰা অৰ্ডিনাৰী আৰ্টিষ্ট”ত নাম সন্নিৱিষ্ট কৰাৰ লগতে এছিয়া বুক অৱ ৰেকৰ্ডছ ‘গ্ৰেণ্ড মাষ্টাৰ’ পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া বিশ্ব ৰেকৰ্ডছ কৰাৰ টাৰ্গেট আছে বুলি জনায় সৌৰভ মণ্ডলে।