৩ ৰাষ্ট্ৰই চৰ শোধাইছে আমেৰিকাৰ মুখত, আচলতে এয়াই প্ৰাপ্যঃ ট্ৰাম্পক কটাক্ষ চীনৰ

87

ডিজিটেল ডেস্কঃ ‘ইউৰোপৰ ৩ ৰাষ্ট্ৰই আমেৰিকাৰ গালত প্ৰচণ্ড চৰ শোধাইছে, এয়াই আমেৰিকাৰ প্ৰাপ্য।’ -এয়া চীনৰ কমিউনিষ্ট পাৰ্টীৰ সৈতে জড়িত বাতৰি কাকত ‘গ্ল’বেল টাইমছ’ৰ মন্তব্য। শুকুৰবাৰে কাকতখনত প্ৰকাশিত এটা লেখাত ইৰাক সন্দৰ্ভত আমেৰিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে চীনে।

দৰাচলতে, ব্ৰিটেইন, জাৰ্মানী আৰু ফ্ৰান্সে এক সংযুক্ত মন্তব্য জাৰি কৰি ইৰানৰ ওপৰত পুনৰ নিষেধাজ্ঞা জাৰি কৰিবলৈ আমেৰিকাই দিয়া প্ৰস্তাৱ খাৰিজ কৰাৰ পিছতে এই মন্তব্য কৰে গ্ল’বেল টাইমছে। চীনা বাতৰি কাকতখনে এই সন্দৰ্ভত লিখা এক লেখাত কয় যে ২০০৩ চনৰ ইৰাক যুদ্ধৰ পিছত এয়াই হৈছে মহত্বপূৰ্ণ ক্ষণ, যেতিয়া আমেৰিকাৰ সহযোগী ইউৰোপীয় ৩খন দেশে প্ৰস্তাৱ প্ৰত্যাখান কৰিছে। এই বাবেই এতিয়া ইৰান বিষয়ত আমেৰিকা অকলশৰীয়া হৈ পৰিছে।

উল্লেখ্য যে, সংযুক্ত ৰাষ্ট্ৰৰ দ্বাৰা ইৰানৰ ওপৰত আৰোপ কৰা প্ৰতিবন্ধকতাৰ ম্যাদ অহা ১৮ অক্টোবৰত অন্ত পৰিব। আমেৰিকাই ইয়াৰ পূৰ্বে ইৰানৰ ওপৰত পুনৰ নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে সংযুক্ত ৰাষ্ট্ৰত প্ৰস্তাৱ উত্থাপন কৰে, কিন্তু কেৱল ডোমিনিকাইহে আমেৰিকাৰ প্ৰতি সমৰ্থন আগবঢ়ায়।
২০১৮ চনত ইৰানৰ সৈতে আমেৰিকা পাৰমানৱিক চুক্তিৰ পৰা পৃথক হৈছিল। চীনৰ মতে, এই চুক্তিৰ পৰা পৃথক হোৱাৰ পিছত ইৰানৰ ওপৰত আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰাৰ অধিকাৰ হেৰুৱাই পেলাইছে। কিন্তু আমেৰিকাই সন্ত্ৰাসবাদীৰ দৰে কাম কৰা বুলিও চীনে মন্তব্য কৰে।