গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতা সন্থাই ২৯ ডিচেম্বৰৰ পৰা চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত কৰিব গ্ৰন্থমেলা। এই গ্ৰন্থমেলাখনিৰ অন্ত পৰিব ৯ জানুৱাৰীত।
উল্লেখ্য যে, ২০১৯ চনত নাগৰিকত্ব (এমেণ্ডমেণ্টনেট) আইনক লৈ ৰাজ্যখনৰ অস্থিৰ পৰিস্থিতি আৰু কোভিড মহামাৰীৰ ভয়াবহতাৰ বাবে যোৱা দুটা বছৰ বাতিল কৰা হৈছিল এই গ্ৰন্থমেলাৰ। যাৰ বাবে গ্ৰন্থপ্ৰেমীৰ লগতে কিতাপৰ প্ৰকাশক, বিক্রেতা, লেখক সকলোৱে এই গ্ৰন্থমেলাখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল।
কিছুদিন পূৰ্বে গুৱাহাটীৰ অসম প্ৰকাশন পৰিষদত অনুষ্ঠিত হোৱা এখন সংবাদমেলত ড০ ননী গোপাল মহন্ত, ইমৰান আহমেদ, বাহাৰুল ইছলাম চৌধুৰী, জগদীশ মহন্ত চলিহা আৰু প্ৰমোদ কলিতাই গ্ৰন্থমেলাখন পুনৰ অনুষ্ঠিত কৰাৰ ঘোষণা কৰে। তেওঁলোকে জানিবলৈ দিয়া মতে এইবাৰ গ্ৰন্থমেলাৰ বিষয়বস্তু স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু সমাজত বিদ্যমান কিছুমান বিষয়ৰ ওপৰত আধাৰিত হ’ব।
