২৭ জানুৱাৰীৰ চকা বন্ধ প্ৰত্যাহাৰ মটৰ-শ্ৰমিক সন্থাৰ

81
purbottar-asomiya-favicon

২৭ জানুৱাৰীত প্ৰস্তাৱিত চকা বন্ধ প্ৰত্যাহাৰ কৰিছে মটৰ-শ্ৰমিক সন্থাই । শ্ৰম আয়ুক্ত আৰু পৰিবহণ আয়ুক্তৰ উপস্থিতিত বিষয়া আৰু মটৰ-শ্ৰমিক সন্থাৰ প্ৰতিনিধিৰ মাজত হোৱা আলোচনা মৰ্মে স্থগিত ৰাখে চকা বন্ধ কাৰ্যসূচী । ২৫ জানুৱাৰীত হোৱা আলোচনাত দাবী পূৰণৰ প্ৰতিশ্ৰুতিৰে সংগঠনৰ সদস্যভুক্ত এখন কমিটি গঠন কৰাৰ প্ৰস্তাৱ দিয়ে আৰু ২৭ জানুৱাৰীত তেওঁলোক আলোচনাত বহাৰ সিদ্ধান্ত লয় । অসমৰ মটৰ-শ্ৰমিক সংস্থাৰ যৌথ মঞ্চই ২৭ জানুৱাৰীত আহ্বান কৰিছিল ২৪ ঘণ্টীয়া চকা বন্ধৰ । বেচৰকাৰী খণ্ডৰ মটৰ শ্ৰমিক সকলৰ কল্যান আঁচনি প্ৰস্তুতৰ দাবীৰে আহ্বান কৰা হৈছিল এই কাৰ্যসূচী । উল্লেখ্য, আলোচনা সফল নহ’লে পুনৰ আন্দোলন ঘোষণা কৰা হ’ব বুলিও জানিবলৈ দিয়ে মটৰ-শ্ৰমিক সন্থাই ।