২৬ বছৰ পুৰণি হত্যাৰ গোচৰ দোষী সাব্যস্ত মুখতাৰ আনছাৰী, ১০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে…

197

গেংষ্টাৰৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা মুখতাৰ আনছাৰীক ২৬ বছৰ পুৰণি হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

১৯৯৬ চনত কংগ্ৰেছ নেতা অজয় ৰায়ৰ ভাতৃ অৱদেশ ৰায়ক হত্যা কৰাৰ অপৰাধত প্ৰাক্তন বিধায়ক আৰু তেওঁৰ সহায়ক ভীম সিঙক দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ৫ লাখ টকাকৈ জৰিমনা বিহে আদালতে।

উল্লখ্য যে, উত্তৰ প্ৰদেশৰ মাও সমষ্টিৰ পৰা ৫ বাৰকৈ জয়লাভ কৰিছিল মুখতাৰ আনছাৰীয়ে।

বাহুবলী আনছাৰী হিচাপে পৰিচিত মুখতাৰে ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে এজন গেংষ্টাৰ আছিল।