২৩ জানুৱাৰীত শুভমুক্তি হিমাংশু প্ৰসাদ দাসৰ বহুচৰ্চিত ‘গৰু’

112

অৱশেষত ২৩ জানুৱাৰীত অসমৰ ছবিগৃহত শুভমুক্তি হ’ব হিমাংশু প্ৰসাদ দাসৰ বহুচৰ্চিত ছবি ‘গৰু’। এদিন পূৰ্বে ২২ জানুৱাৰীত গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুকলি কৰা হ’ব ছবিখন । ছবিখন ৰাইজৰ দ্বাৰা ৰাইজৰ মাজলৈ নিয়াৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিচালক হিমাংশু প্ৰসাদ দাসে ।

২৩ জানুৱাৰীত অসমৰ বিভিন্ন প্ৰেক্ষাগৃহ,নাট্যমন্দিৰ,সভাঘৰ আৰু অস্থায়ী প্ৰেক্ষাগৃহ সাজি একেলগে ৩২৫ টা স্থানত মুক্তি দিব ছবিখন । প্ৰথম দিনাৰ পৰিকল্পনা ৩ লাখ ৫০ হাজাৰ দৰ্শকৰ উপস্থিতিত এহাজাৰ দৰ্শনীৰে ছবিখন মুকলি কৰা । বিগত বৰ্ষতেই ছবিখন মুক্তি দিয়াৰ কথা আছিল যদিও কা আন্দোলন,ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতিৰ বাবেই মুক্তি দিয়া নহ’ল ছবিখন ।

ছাহজাহানৰ উপন্যাস ‘গৰু’ ৰ আধাৰত পৰিকল্পনা কৰা হৈছে এই পূৰ্ণাংগ ছবিখনৰ চিত্ৰনাট্য । প্ৰজেক্টৰৰ জৰিয়তে ছবিখন উপভোগ কৰিব পাৰিব ৰাইজে । ছবিখনত অভিনয় কৰিছে – বাহাৰুল ইছলাম,পাকিজা বেগম, প্ৰাঞ্জল শইকীয়া আদি বহু অভিজ্ঞ শিল্পীয়ে । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নৱ-প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতা কমল লোচন আৰু লনিশ্ৰী দাসে ।