অসমৰ নৱনিযুক্ত ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই অহা ২২ ফেব্ৰুৱাৰীত শপত গ্ৰহণ কৰিব।
সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়ত কাটাৰিয়াই কয়, “প্ৰধানমন্ত্ৰী মোডী আৰু আমাৰ দলে মোক দিয়া সাংবিধানিক দায়িত্ব মই সূচাৰুৰূপে পূৰণ কৰিবলৈ দায়বদ্ধ।’’
‘ইয়াৰ আগতেও ভাৰতীয় জনতা পাৰ্টিয়ে মোক যি দায়িত্ব দিছিল, সেই দায়িত্ব মই অতি সুন্দৰকৈ পালন কৰিছোঁ।’ তেওঁ লগতে কয়।
১২ ফেব্ৰুৱাৰীত অধ্যাপক জগদীশ মুখীৰ ঠাইত কাটাৰিয়াক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়।
গুলাব চান্দ কটাৰিয়া ভাৰতীয় জনতা পাৰ্টিৰ নেতা। ২০১৪ চনৰ পৰা ২০১৮ চনলৈ ৰাজস্থানৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেত বিজেপিৰ জ্যেষ্ঠ নেতা, দলৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সমিতিৰো সদস্য।
কেইবাখনো ৰাজ্যৰ পদৰ পৰিৱৰ্তনৰ মাজতে বৰ্তমানৰ অসম ৰাজ্যপালৰ পৰা দায়িত্ব গ্ৰহণ কৰে কটাৰিয়াই।