২২ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ’ব ১২ হাজাৰ পদৰ

119

গুৱাহাটীঃ অহা ২২ ছেপ্টেম্বৰৰ ভিতৰত ১২ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব ৰাজ্য চৰকাৰে। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, অহা ২২ ছেপ্টেম্বৰত এক অনুষ্ঠানত চৰকাৰৰ বিভিন্ন বিভাগত ১২ হাজাৰ নতুনকৈ নিযুক্তি লাভ কৰা লোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

তেওঁ কয়, “১ লাখ চাকৰিৰ বাবে নিযুক্তি সম্পূৰ্ণ কৰাৰ বাবে আমাৰ সমন্বিত হেঁচাত, জনাবলৈ পাই সুখী হৈছো যে আজি আমি ১২ হাজাৰ পদৰ বাবে নিযুক্তি সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লৈছো।”

এই ১২ হাজাৰ পদত আছে গৃহ বিভাগৰ ৫২০০ কনিষ্টবল আৰু উপ-পৰিদৰ্শক, আৰু লোক নিৰ্মাণ বিভাগৰ (পি ডব্লিউ ডি) ২৫৬ জন সহকাৰী অভিযন্তাৰ পদ।

আন আন পদসমূহ হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, উচ্চ শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগৰ লগতে অন্যান্য বিভাগ।

মুখ্যমন্ত্ৰীয়ে কয়, ‘ৰাজ্য চৰকাৰৰ সেৱাত আৰু ১২ হাজাৰ কৰ্মচাৰী সংযোজন কৰিলে দৈনন্দিন কাম-কাজ অধিক নিৰৱচ্ছিন্নভাৱে চলোৱাত সহায়ক হ’ব।’

মে’ মাহত খালী হোৱা ৩০ হাজাৰ পদ পূৰণ কৰা হৈছিল আৰু এই নতুন নিযুক্তিৰ জৰিয়তে অসম চৰকাৰে ছমাহ নৌহওঁতেই মুঠ ৪২ হাজাৰ লোকক নিযুক্তি দিব।