২০২৩ বৰ্ষত বিশ্বৰ জনসংখ্যা ৭ কোটি ৫০ লাখলৈ বৃদ্ধি

268

২০২৩ বৰ্ষত বিশ্বৰ জনসংখ্যা ৭ কোটি ৫০ লাখ বৃদ্ধি পায় আৰু ২০২৪ৰ প্ৰথম দিনা মুঠ বিশ্বব্যাপী জনসংখ্যা আঠ বিলিয়ন অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে। বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকপিয়ল ব্যুৰোৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।
লোকপিয়ল ব্যুৰোৰ তথ্য অনুসৰি, বিশ্বব্যাপী জনসংখ্যা বৃদ্ধিৰ হাৰ যোৱা বছৰ এক শতাংশতকৈও কম আছিল। ২০২৪ চনৰ আৰম্ভণিতে, বিশ্বব্যাপী প্ৰতি ছেকেণ্ডত ৪.৩ জন লোকৰ জন্ম আৰু দুজনৰ মৃত্যু হ’ব বুলি অনুমান কৰা হৈছে। যোৱা বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা ০.৫৩ শতাংশ হাৰত বৃদ্ধি পাইছিল, যি হৈছে বিশ্বব্যাপী বিকাশৰ হাৰৰ আধা। এই বছৰ আমেৰিকাৰ জনসংখ্যা ১.৭ নিযুত বৃদ্ধি পাইছে আৰু নতুন বছৰৰ দিনা তেওঁলোকৰ মুঠ জনসংখ্যা ৩৩৫.৮ নিযুত হ’ব।