২০২২ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা…

253

ঘোষণা কৰা হ’ল ২০২২ বৰ্ষৰ শান্তিৰ নোবেল বঁটা।

এইবাৰ শান্তিৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে বেলাৰুছৰ মানৱ অধিকাৰ কৰ্মী এলেছ বিয়ালিয়াটস্কি, ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ মানৱ অধিকাৰ সংগঠন চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিছে

নৰৱেৰ নোবেল কমিটীয়ে শুকুৰবাৰে ২০২২ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা কৰি কয়, “শান্তি বঁটা বিজয়ীসকলে নিজৰ গৃহ দেশৰ নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰে।

তেওঁলোকে বহু বছৰ ধৰি ক্ষমতাক সমালোচনা কৰাৰ অধিকাৰ আৰু নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ অধিকাৰক প্ৰচাৰ কৰি আহিছে।’