নিৰ্বাচনৰ পূৰ্বে ফলাফল ঘোষণা কৰিলেই ABP-C ভোটাৰৰ সমীক্ষাই। ২০২১ৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে বিজেপিয়ে পুনৰ শাসনলৈ আহিব বুলি প্ৰকাশ কৰিছে ABP-C ভোটাৰৰ অপিনিয়ন পুলে। ৭৩-৮১খন আসন ND-এ লাভ কৰিব বুলি ABP-C ভোটাৰ প্ৰকাশ কৰে।
আনহাতে UPA-এ ৩৬-৪৪খন আসনতে সীমাবদ্ধ থাকিব বুলি প্ৰকাশ কৰে। লগতে AIUDF-এ ৫ৰ পৰা ৯খন আসন পোৱাৰ সম্ভাৱনা।
ইফালে ABP-C ভোটাৰৰ সমীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, সমীক্ষাত সন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ‘ৰাইজে ইতিমধ্যেই সিদ্ধান্ত লৈছে, আনুষ্ঠানিকতাহে বাকী আছে’ বুলি কৈ অসমত আকৌ বিজেপিয়েই চৰকাৰ গঠন কৰিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে কয়।
