২ সন্তানক বিহ খুৱাই নিজেও আত্মহত্যাৰ পথ বাচি ল’লে এজন পিতৃয়ে…

127

দুই সন্তানক বিহ খোৱাই নিজেও আত্মহত্যাৰ পথ বাচি ল’লে এজন পিতৃয়ে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ দোকোহা গাঁৱত।

জানিব পৰা মতে, দিপুল শইকীয়া নামৰ লোকজনে নিজৰ দুই কণমানি সন্তানক বিহ খুওৱাৰ পিছত নিজেও আত্মহত্যা কৰে।

ব্যক্তিজনৰ পত্নী আন এজন লোকলৈ পলাই যোৱাৰ বাবেই এই কাৰ্য সংঘটিত কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে?

ইফালে বিহ পান কৰাৰ ফলত অসুস্থ হৈ পৰা দুই শিশুক পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অন্যহাতে মৃত্যু ঘটে দিপুল শইকীয়াৰ।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু পৰৱৰ্তী তদন্ত অব্যাহত আছে।