২ কোটিৰ জীৱন বীমাৰ বাবে ৰচনা কৰা হল মৃত্যুৰ ভুৱা নাটক, গ্ৰেপ্তাৰ ব্যৱসায়ী

76

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ হিচাৰ জিলাত তিনিদিন পূৰ্বে অৰ্থাৎ মঙলবাৰে এগৰাকী ব্যৱসায়ীক ডকাইতৰ দলে জীৱন্তে জ্বলাই দিছিল। ৰাম মেহৰ নামৰ ৩৫ বৰ্ষীয় ব্যৱসায়ী জনে গাড়ীৰে গৈ থকাৰ সময়ত দুৰ্বৃত্তৰ দলে বাট ভেটি ধৰি তেওঁৰ লগত থকা ১১ লাখ টকা লুটি লৈ যায়। কেৱল সেয়াই নহয়, গাড়ীসহ ব্যৱসায়ীজনক জীৱন্তে জ্বলাই দিয়ে দুৰ্বৃত্তৰ দলটোৱে। পিছত ব্যৱসায়ী ৰাম মেহৰৰ পৰিয়ালে সম্পূৰ্ণৰূপে জ্বলি যোৱা মৃতদেহটো ব্যৱসায়ী ৰাম মেহৰৰ বুলি চিনাক্ত কৰাৰ পিছতে ৰাজ্যজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

বিজেপি শাসিত হাৰিয়ানাত বিজেপিয়ে দস্যুৰাজ চলাইছে বুলি চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে বিৰোধীয়ে। হিচাৰৰ কোনো কোনো ঠাইত ব্যৱসায়ী ৰাম মেহৰৰ হত্যাকাৰীক উচিত শাস্তি দিয়াৰ দাবীত প্ৰতিবাদো সাব্যস্ত কৰা হয়। মমবাতি জ্বলাই ৰাজপথত আত্মাৰ সদগতি কামনা কৰি প্ৰাৰ্থনা জনায় বহুতে। মুঠতে ব্যৱসায়ী ৰাম মেহৰৰ হত্যাক লৈ সৰৱ হৈ পৰে সমগ্ৰ হাৰিয়ানা।

কিন্তু হিচাৰ আৰক্ষীয়ে এতিয়া ঘটনাৰে জড়িত এক গভীৰ ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে ছত্তীশগড়ৰ বিলাসপুৰৰ পৰা আশ্বৰ্যজনকভাৱে আটক কৰে মৃত ব্যৱসায়ী ৰাম মেহৰক। তাৰ পিছতে ঘটনাৰ সমগ্ৰ ৰহস্য ফাদিল হয়।

আৰক্ষীয়ে সদৰী কৰা মতে, জীৱন বীমাৰ টকা লাভ কৰাৰ স্বাৰ্থতে ৰাম মেহৰে মৃত্যু ঘটাৰ অভিনয় কৰিছিল। তেওঁৰ এই নাটকত সহযোগ কৰিছিল পৰিয়ালৰ লোকে। ৰাম মেহৰৰ নামত থকা দুটা জীৱন বীমাৰ প্ৰায় ২ কোটি টকা লাভ কৰিবলৈ অপহৰণ আৰু দুৰ্বৃত্তই হত্যা কৰাৰ দৰে এক নাটক ৰচিছিল ব্যৱসায়ীজনে। এতিয়া এই সমগ্ৰ কাণ্ড স্বীকাৰ কৰিছে ৰাম মেহৰে।

আৰক্ষীৰ ভাষ্য অনুসৰি, ৰাম মেহৰে অন্য এটা মৃতদেহ গাড়ীৰ ভিতৰত ভৰাই জ্বলাই দিছিল। তাৰ পিছত সম্পূৰ্ণৰূপে জ্বলি যোৱা মৃতদেহটো ৰাম মেহৰৰ বুলি চিনাক্ত কৰিছিল পত্নীয়ে। কিন্তু ৰাম মেহৰে জ্বলাই দিয়া প্ৰকৃত মৃতদেহটো কাৰ, সেয়া জানিবলৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। জানিব পৰা মতে, ৰাম মেহৰৰ নামত এটা ৫০ লাখ আৰু এটা ১ কোটি টকাৰ জীৱন বীমা আছে।