ৰাজ্যিক নিৰ্বাচনী আয়োগৰ সংবাদমেল।
পৌৰ নিগমৰ নিৰ্বাচনকলৈ সংবাদমেল সম্বোধন৷
বিহুৰ মাজতে অনুষ্ঠিত হ’ব নিৰ্বাচন।
অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হব পৌৰ নিগমৰ নিৰ্বাচন।
৩০ মাৰ্চত মনোনয়ন দাখিলৰ অন্তিম দিন।
৪ এপ্ৰিলত বিয়লি ৩ বজাৰ ভিতৰত নমিনেচন উভতাই লব পাৰিব।
২১ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা হ’ব ভোট গণনা।
মুঠ ভোটাৰ ৭ লাখ ৯৬ হাজাৰ ৮২৯ জন।
পুৰুষ ৩ লাখ ৯৬ হাজাৰ ৮৯১জন।
মহিলা ভোটাৰ ৩ লাখ ৯৯ হাজাৰ ৯১১গৰাকী।
তৃতীয় লিংগৰ ভোটাৰ আছে ২৭গৰাকী।
গুৱাহাটীত মুঠ ৬০ টা ৱাৰ্ডত হ’ব পৌৰ নিগমৰ নিৰ্বাচন।
মুঠ ভোট কেন্দ্ৰ ৭৮৯ টা৷
৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত৷
STৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ৩ খন।
SCৰ বাবে সংৰক্ষিত আছে ৪ খন আসন।
অসংৰক্ষিত আসনৰ সংখ্যা ৩০ খন৷
একোটা ৰাজনৈতিক দলে প্ৰতিটো ৱাৰ্ডত ২ লাখ ৫০ হাজাৰ খৰছ কৰিব পাৰিব৷
EVMৰে অনুষ্ঠিত পৌৰ নিগমৰ নিৰ্বাচন।
আজিৰ পৰাই বলবৎ হ’ব মডেল ক’ড অৱ কনডাক্ট।
ক’ভিডৰ বাবে কোনোধৰণৰ বিশেষ বাধা নিষেধ নাই৷
কেৱল মাস্ক, চেনিটাইজাৰ আৰু সামাজিক দুৰত্ব মানি চলিবলৈ আহ্বান৷
নিশা ৯ বজাৰ পাছত নিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা৷
বিশেষ নিৰ্বাচনী বিষয়াক নিয়োগ নিৰ্বাচন তদাৰক কৰিবৰ বাবে৷
অসম পুলিচ আৰু গৃহৰক্ষী বাহিনীৰ জোৱানে পহাৰ দিব ভোট কেন্দ্ৰ সমূহত৷
প্ৰতিটো ৱাৰ্ডত খৰছৰ খতিয়ান চাবৰ বাবে বিষয়া নিয়োগ কৰিব ৰাজ্যিক নিৰ্বাচনী আয়োগে৷
