চাপৰ’ৰ মোৱাটাৰীস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজন আৰু গুৰুতৰভাৱে আহত হয় এজন।নিহত যাত্ৰী দুজনৰ নাম ইনামুল হুছেইন, সাহিদুল ইছলাম আৰু আহত ব্যক্তিজনৰ নাম নৌসাদ আলী বুলি জানিব পৰা যায়। আটাইকেইজনৰ ঘৰ ধুবুৰী কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী টিনটিলা’ৰ বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত আহত ব্যক্তিজনক বঙাইগাঁও লৈ প্ৰেৰণ কৰা হৈছে।
