১৭ অক্টোবৰৰ পৰা আৰম্ভ হব ক্ৰিকেটৰ মহাৰণ টি-২০ বিশ্বকাপ, কেতিয়া হব চূড়ান্ত খেল…

68

ক্ৰিকেটৰ মহাৰণ টি-২০ বিশ্বকাপ এইবাৰ অনুষ্ঠিত নহয় ভাৰতত। ভাৰতৰ পৰিবৰ্তে এইবাৰ টি-২০ বিশ্বকাপ UAEত অনুষ্ঠিত কৰাৰ ঘোষণা কৰা হৈছে। আনহাতে মঙলবাৰে এই ক্ৰিকেট যুদ্ধৰ তাৰিখ ঘোষণা কৰা হয়। টুৰ্ণামেণ্টৰ আৰম্ভণি ১৭ অক্টোবৰত হোৱাৰ বিপৰীতে ১৪ নৱেম্বৰত চূড়ান্ত খেলখন অনুষ্ঠিত হব।

বিশ্বৰ ১৬ খন দেশে অংশগ্ৰহণ কৰিবলগীয়া টি-২০ বিশ্বকাপৰ খেলসমূহ তিনিখন চহৰ ক্ৰমে- ডুবাই, শ্বাৰজাহ আৰু আবুধাবীৰ খেলপথাৰত অনুষ্ঠিত হব। আনহাতে কেইখনমান খেল ওমানতো অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, কোভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে ২০২০ বৰ্ষৰ টি-২০ বিশ্বকাপ স্থগিত ৰখা হৈছিল। সেই বৰ্ষত খেলসমূহ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ২০২১ বৰ্ষত ভাৰতত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু কোৰোনা মহামাৰীয়ে ভাৰততো সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰ বাবে টি-২০ বিশ্বকাপ ভাৰতৰ পৰিৱৰ্তে UAEত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে আয়োজকসকলে।