১৬৪ টা ভোট লাভ কৰি একনাথ সিন্দে হ’ল মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী

207
Mumbai: Shiv Sena chief Uddhav Thackeray (R) and State PWD minister Eknath Shinde during a press conference in Mumbai on Saturday. PTI Photo by Mitesh Bhuvad(PTI7_15_2017_000089B)

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ সফল সমাপ্তি হোৱা পৰিলক্ষিত হৈছে।জানিবপৰা মতে মহাৰাষ্ট্ৰৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰে একনাথ সিন্দে।১৬৪ টা ভোট লাভ কৰি একনাথ সিন্দে হ’ল মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী। কেইবাদিনো ধৰি চলি থকা মহাৰাষ্ট্ৰ ৰাজনৈতিক সংকটৰ অৱশেষত সমাপ্তি ঘটিল।

আস্থা ভোট সম্পন্ন হোৱাৰ পূৰ্বে সিন্দে বিধানসভাত উল্লেখ কৰে যে এই চৰকাৰে বালচাহেব থাকৰেৰ হিন্দুত্ব বিচাৰধাৰাক আগবঢ়াই নিব। আৰু লগতে সিন্দে মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জেপি নাড্ডাকো ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, আজি সম্পন্ন হোৱা আস্থা ভোটত একনাথ সিন্দে ১৬৩ টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধিয়ে লাভ কৰে ৯৯ টা ভোট। এই ভোট শেষ হোৱাৰ পাছত মহাৰাষ্ট্ৰৰ বিধানসভাত “শ্ৰী ৰামচন্দ্ৰ কি জয়”, “ভাৰত মাতা কি জয়” ধ্বনিও দিয়ে নতুনকৈ মুখ্যমন্ত্ৰী হোৱা একনাথ সিন্দে।