সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ দলে সোমবাৰে মৰিগাঁও জিলাৰ এজন লাট মণ্ডলক উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।
লাট মণ্ডলক মৰিগাঁও ৰাজহ চক্ৰত নিযুক্ত নৱজ্যোতি নাথ বুলি চিনাক্ত কৰা হৈছে।
ভূমি পৰিৱৰ্তন প্ৰক্ৰিয়াৰ বাবে অভিযোগকাৰীৰ পৰা দাবী কৰা ধন গ্ৰহণ কৰাৰ সময়তে মৰিগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত হাতে লোটে গ্ৰেপ্তাৰ হয় লাট মণ্ডলজন।
টুইটাৰযোগে দুৰ্নীতি বিৰোধী কোষটোৱে জানিবলৈ দিয়া মতে, নামজাৰী প্ৰক্ৰিয়াৰ বাবে ১৫,০০০ টকা দাবী কৰিছিল ঘোচখৰ লাট মণ্ডলজনে।