১৫ ফেব্ৰুৱাৰীৰ পৰা দেশজুৰি বাধ্যতামূলক হ’ব ফাষ্টেগ

68

১৫ ফেব্ৰুৱাৰীৰ পৰা দেশজুৰি বাধ্যতামূলক হ’ব ফাষ্টেগ৷ এই ঘোষণা জাৰি কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে৷ যাত্ৰীৰ সময় আৰু ইন্ধন বচোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে সকলো গাড়ীতে ফাষ্টেগ ষ্টিকাৰ থকাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশ জাৰি কৰিছে। যাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত থকা ট’ল গেটসমূহৰ লেনদেন কেশ্বলেছ হৈ পৰিব।

ইফালে তৃতীয় পক্ষ বীমাৰ ক্ষেত্ৰতো ফাষ্টেগ বাধ্যতামূলক কৰাৰ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ট’লগেটত নগদ ধনৰ লেন-দেন বন্ধ কৰি ফাষ্টেগৰ জৰিয়তে লেন-দেন কৰা হ’ব। আনহাতে ট’লগেটৰ কৰ্মচাৰীয়ে বেয়া ব্যৱহাৰ কৰিলে জৰিমণা ভৰিব লাগিব বুলিও কেন্দ্ৰীয় চৰকাৰৰ এক বিবৃতিযোগে জাৰি কৰা হৈছে।