১৩ দিনে সন্ধান নাই বঙাইগাঁৱৰ এহাল দম্পত্তিৰ

69

বঙাইগাঁৱত যোৱা ১৩ দিন ধৰি সন্ধান নাই এহাল দম্পত্তিৰ। ১৩ ছেপ্টেম্বৰৰ সন্ধিয়াৰ পৰা চাপৰাকাটাৰ শনিৰাম বৰ্মন আৰু চম্পাৱতী বৰ্মন সন্ধানহীন হৈ থকাৰ খবৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, বৈবাহিক জীৱনত অতি সুখী আছিল শনিৰাম আৰু চম্পাৱতী। কিন্তু সেইদিনা সন্ধিয়া ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে দম্পত্তিহাল সন্ধানহীন হৈ পৰে।

ইফালে একাংশ লোকে কিছু দিন পূৰ্বে শনিৰাম বৰ্মনক অকলশৰীয়া অৱস্থাত প্ৰত্যক্ষ কৰিছিল যদিও বৰ্তমান সময়ত পৰিয়ালৰ লোকে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷ মানসিকভাৱে কিছু অসুস্থ শনিৰাম বৰ্মনে নিজ পত্নীক লৈ ওলাই যোৱাৰ পিছতে নোহোৱা হৈ পৰাত স্বাভাৱিকতে শংকিত হৈ পৰিছে পৰিয়ালৰ বাকী লোকসকল।

পৰিয়ালৰ লোকে আত্মীয় স্বজন আৰু চিনাকী লোকসকলৰ সহযোগত বিচাৰি আছে যদিও সন্ধান পোৱা নাই । বঙাইগাঁও থানাত পৰিয়ালৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰিছে যদিও দুয়োৰে সন্ধান পোৱা নাই ।