১২ বছৰীয়া ছাত্ৰক নৃশংসভাৱে হত্যা! গ্ৰেপ্তাৰ মাদ্ৰাছাৰ শিক্ষক…

340

সোমবাৰে অসম আৰক্ষীয়ে কাছাৰ জিলাত এজন ১২ বছৰীয়া কিশোৰক হত্যাত জড়িত থকাৰ অভিযোগত এজন মাদ্ৰাছা শিক্ষকক গ্ৰেপ্তাৰ কৰে।

প্ৰতিশোধৰ বাবে নিৰ্দয়ভাৱে ৰবিজুল হুছেইন নামৰ ছাত্ৰজনক হত্যা কৰা কাণ্ডৰ প্ৰধান অভিযুক্ত শিক্ষকজনেই বুলি অনুমান কৰা হৈছে।

কাছাৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে কিছুদিন পূৰ্বে মৌস্কিন ৰহমান খান নামৰ শিক্ষকজনক মাদ্ৰাছাৰ পৰা পলায়ন কৰাৰ অভিযোগত ৰবিজুলক প্ৰহাৰ কৰাৰ পিছত ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ কোৱা হৈছিল।

আৰক্ষী অধীক্ষকগৰাকীয়ে আৰু কয় যে যেতিয়া ছাত্ৰজনৰ পিতৃ-মাতৃয়ে এই বিষয়ে জানিব পাৰিলে, তেতিয়া শিক্ষকজনক ক্ষমা বিচাৰিবলৈ কোৱাৰ পিছত তেওঁলোকে মাদ্ৰাছাৰ মুৰব্বীক অভিযোগ কৰে।

এই ঘটনাই অভিযুক্ত শিক্ষক হাফিজ মৌস্কিন ৰহমান খানক ক্ষুব্ধ কৰি তুলিছিল। দেওবাৰে নিশা যেতিয়া মাদ্ৰাছাত সকলোৱে শুই আছিল, চোকা অস্ত্ৰ লৈ, শিক্ষকজনে ১২ বছৰীয়া ছাত্ৰ ৰজিমুল হুছেইন লস্কৰৰ ডিঙি কাটি পলায়ন কৰে।” আৰক্ষীয়ে দাবী কৰে।

অৱশেষত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি অধিক আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে।

যোৱা ১৩ আগষ্টৰ পুৱা অসমৰ কাছাৰ জিলাৰ মাদ্ৰাছাৰ এটা হোষ্টেলৰ কোঠাত ১২ বছৰীয়া ছাত্ৰৰ মূৰ কাটি পেলোৱা মৃতদেহ উদ্ধাৰ হয়।

ধলাইৰ দাৰুছ চালাম হাফিজিয়া মাদ্ৰাছাত সংঘটিত হয় এই ঘটনা য’ত ছাত্ৰজনে আগনিশা ৰাতিৰ আহাৰ গ্ৰহণ কৰি নিজৰ কোঠালৈ গৈ শুবলৈ যায়। অৱশ্যে ১৩ আগষ্টৰ পুৱা তেওঁৰ মূৰ কাটি পেলোৱা মৃতদেহ উদ্ধাৰ হয়।

মৃতকৰ কোঠালৈ গৈ মাদ্ৰাছাৰ শিক্ষকে মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটো উদ্ধাৰ হোৱাৰ লগে লগে মাদ্ৰাছাৰ কৰ্তৃপক্ষই ধলাই আৰক্ষীক খবৰ দিয়ে।