১০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব নতুন সংসদ ভৱনৰ আধাৰশিলা

68

ডিজিটেল ডেস্ক: অহা ১০ ডিচেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আধাৰশিলা স্থাপন কৰিব ভাৰতৰ নতুন সংসদ ভৱনৰ। শনিবাৰে এই কথা জানিবলৈ দিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই।

লোকসভাৰ অধ্যক্ষজনে জানিবলৈ দিয়া অনুসৰি নতুন ভৱনটোৰ আয়তন হ’ব ৬৪,৫০০ বর্গমিটাৰ আৰু আনুমানিক ৯৭১ কোটি টকা ব্যয় হ’ব এই নির্মাণ কাৰ্যত। বৰ্তমানৰ সংসদ ভৱনটোৱে ১০০ বছৰ পূর্ণ কৰিছে ৷

এই ভৱনটো দেশৰ প্রত্নতাত্ত্বিক সম্পদ হিচাপে সংৰক্ষিত কৰা হ’ব। বিৰলাই জনাইছে যে, নতুন ভৱনটো ভূমিকম্প প্রতিৰোধক হ’ব ৷ ইয়াৰোপৰি নতুন ভৱনটো নির্মাণৰ বাবে ২,০০০ লোক প্রত্যক্ষভাৱে জড়িত থাকিব আৰু পৰোক্ষভাৱে ৯,০০০ লোক জড়িত থাকিব।