ষ্টাফৰিপৰ্টাৰ, ৰাজ্যৰ স্বাস্থ্য বিভাগে সলনি কৰিছে হোম কোৱাৰেণ্টিনৰ নীতি-নিয়ম।এতিয়াৰে পৰা হোম কুৱাৰেণ্টিনত ১৪ দিন থকাৰ প্ৰয়োজন নাই।হোম কোৱাৰেণ্টিনৰ সময় ৭দিনলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে এই কথা জনাইছে ।উল্লেখযোগ্য এনে সিদ্ধান্তৰ পৰিপ্ৰক্ষিতত ২ হাজাৰ টকা মূল্যৰ ঘৰুৱা ব্যৱহাৰ্য সামগ্ৰী প্ৰদানৰ ব্যৱস্থা বন্ধ কৰা হ’ব৷অৱশ্যে বি পি এল পৰিয়াল,বয়োজ্যেষ্ঠ ব্যক্তি,অসুস্থ তথা দিব্যাংগসকললৈ এই সুবিধা প্ৰদান কৰা হ’ব৷আনহাতে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিবে দিয়া এক নিৰ্দেশনাত কোৱা হৈছে ক’ভিড আক্ৰান্ত সকলো লোকলৈ সম্ভাৱ্য সৰ্বাধিক চিকিৎসা সেৱা তথা সুবিধা আগবঢ়োৱাৰ বাবে চৰকাৰ দায়বদ্ধ আৰু সকলো নাগৰিকে যাতে বিনামূলীয়া পৰীক্ষা আৰু চিকিৎসাৰ সুবিধা লাভ কৰে সেয়া নিশ্চিত কৰা হৈছে। উল্লেখ্য এই নতুন সিদ্ধান্ত জনগণে কিদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।