হোজাইত ভাতৃৰ আক্ৰমণত প্ৰাণ গল শিক্ষকৰ

57

ভাতৃৰ আক্ৰমণৰ বলি হৈ অৱশেষত মৃত্যুত আঁকোৱালি ললে হোজাইৰ শিক্ষক ইন্দ্ৰপ্ৰকাশ মালিয়ে। ৪টা দিন গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজি আজি শেষ নিশ্বাস ত্যাগ কৰে শিক্ষকগৰাকীয়ে। তাৰ পিছতে হোজাইৰ হাৱাইপুৰত সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।

৩০ বছৰ ধৰি বিনা বেতনে হাৱাইপুৰৰ ট্ৰাইবেল এম ই স্কুলত হিন্দী বিভাগৰ শিক্ষক হিচাপে ব্ৰতী আছিল ইন্দ্ৰপ্ৰকাশ মালী। যোৱা ৭ মেত ভূমি সংক্ৰান্তিয় কাৰণত নিজ ভাতৃ ইন্দ্ৰ নাৰায়ন মালীসহ কেইজনমান লোকে হত্যাৰ চেষ্টাৰে আক্ৰমণ চলাইছিল শিক্ষক ইন্দ্ৰপ্ৰকাশৰ ওপৰত। গুৰুতৰভাৱে আহত শিক্ষকগৰাকীক পিছত ভৰ্তি কৰা হৈছিল হাস্পতালত। কিন্তু হাস্পতালৰ বিচনাতে আজি কৰুণ মৃত্যুক আঁকোৱালি লয় ইন্দ্ৰপ্ৰকাশ মালীয়ে।

ইফালে হত্যাৰ অভিযোগত ইন্দ্ৰপ্ৰকাশ মালীৰ পৰিয়ালে ইন্দ্ৰ নাৰায়ন মালি, সাৱিত্ৰী মালি, অমৰজিৎ মালি, ৰুবি মালি আৰু মঞ্জিত মালিৰ বিৰুদ্ধে হোজাই থানাত এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪২/ ৩২৫/ ৩০৭/ ৩৪ নং ধাৰাৰ অধীনত ৩২১/২১ নং গোচৰ পঞ্জীয়ন কৰি ইন্দ্ৰ নাৰায়ন মালিক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে৷ শিক্ষক হত্যাত জড়িত বহুকেইজন আচামী এতিয়াও পলাতক হৈ আছে৷