হোজাইত বৃহৎ পৰিমানৰ গাঞ্জাসহ ৩ গৰাকী মহিলাক গ্ৰেপ্তাৰ

81

সমৰ দেৱনাথ, হোজাই:- হোজাই ষ্টেচনত হোজাই আৰক্ষী, ৰেলসুৰক্ষা বাহিনী আৰু ৰেল আৰক্ষীৰ অভিযানত জব্দ হয় ১৮ কেজি ৮০০ গ্ৰাম গাঞ্জা। নামনিমুৱা অৱধ আসাম এক্সপ্ৰেছত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰে আৰক্ষীয়ে।

ইফালে গাঞ্জা সৰবৰাহৰে জড়িত ৩ গৰাকী মহিলাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত মহিলা কেইগৰাকী কলকাতাৰ ক্ৰমে শকুন্তলা ৰাজবংশী, ৰুবি দেৱী,আৰু ৰানু দাস বুলি জানিব পৰা গৈছে। সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত থকা মহিলা কেইগৰাকীক আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।