হোজাইত বন্যহস্তীৰ সন্ত্ৰাস, ভাগিলে কেইবাটাও বাসগৃহ

102

সমৰ দেৱনাথ, হোজাইঃ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীয়ে প্ৰায়ে হোজাইৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলাই আহিছে। দেওবাৰে নিশাও হোজাইৰ ৰাইকটা চন্দনপুৰ গাঁৱত এটা বন্যহস্তীৰ জাকে প্ৰৱেশ কৰি তাণ্ডৱ চলায়।

গাঁওখনত এটা ৪জনীয়া বন্যহস্তীৰ জাকে ৫টাকৈ পৰিয়ালৰ বাসগৃহ ভাগি লণ্ডভণ্ড কৰাৰ লগতে গাঁৱৰ মছজিদৰ পকী দেৱালৰো বিস্তৰ ক্ষতিসাধন কৰে। ইফালে হাতীৰ জাকটোৱে কেইবাটাও পৰিয়ালৰ ভঁৰালৰ ধান খাই তহিলং কৰে।

নিশা গাঁওখনত বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে গাঁওবাসীৰ। ইফালে প্ৰায়ে এনেদৰে অঞ্চলটোত বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰাত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগা হৈছে গাঁওবাসীয়ে।