হোজাইত বন বিভাগৰ অভিযানত জব্দ অবৈধ শিল-বালি কঢ়িওৱা ৩খনকৈ বাহন

66

হোজাইত বন বিভাগে আৰম্ভ কৰিছে তীব্ৰ অভিযান।

নিতৌ জব্দ কৰিবলৈ সক্ষম হৈছে অবৈধ ভাৱে কঢ়িওৱা বন্য সামগ্ৰী।

আজিও হোজাই নিলাবাগনৰ পৰা দুখন ট্ৰেক্টৰ আৰু এখন ডাম্পাৰ জব্দ কৰে বন সুৰক্ষা বাহিনীয়ে।

গাড়ী কেইখনৰ নম্বৰ ক্ৰমে ML13 8189 আৰু AS 0BC 0484, AS 02E 4668।

বন সুৰক্ষা বাহিনীৰ এনে অভিযানত এতিয়া নিদ্ৰা হৰণ হৈছে শিল মাটিৰ অবৈধ ব্যৱসায়ীৰ।