হোজাইত জব্দ অবৈধ কাঠফলা মিল আৰু চেগুন কুন্দা

135

সমৰ দেৱনাথ, হোজাইঃ হোজাই আঞ্চলিক বনসুৰক্ষা বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত যোৱা দলে দুটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰাৰ লগতে ২৫ টা চেগুন কুন্দা জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন সুত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত আমবাৰি অঞ্চল আৰু কপাহবাৰী অঞ্চলৰ কৰৈয়নী গাঁৱত চলা অভিযানত কাঠফলা মিল আৰু কুন্দা জব্দ কৰিবলৈ সক্ষম হয়।

অভিযানত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও জব্দকৃত সামগ্ৰীৰ বজাৰ মূল্য প্ৰায় আঢ়ৈ লাখ টকা।