হোজাইত আটক ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ এজেন্ট

137

সমৰ দেৱনাথ, হোজাইঃ হোজাইত আৰক্ষীয়ে অভিযান চলাই ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ দুজনকৈ এজেণ্টক আজি আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা সুজাতা মিচুৱেল বেনিফিট নিধি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ প্ৰৱঞ্চক দুজনৰ নাম বিদুল নাথ আৰু মিঠুন চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি, এই দুই প্ৰবঞ্চকে দীৰ্ঘদিনৰ পৰা হোজাইৰ বিভিন্ন ঠাইত নানা প্ৰলোভনৰে টকা সংগ্ৰহ কৰি আহিছিল। আজি হোজাইৰ বিষ্ণুপল্লীৰ কেইগৰাকীমান গ্ৰাহকৰ অভিযোগৰ ভিত্তিত হোজাই আৰক্ষীয়ে আটক কৰে দুই প্ৰবঞ্চকক। ইতিমধ্যে হোজাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।