হেঙেৰাবাৰী বিহু সন্মিলনীৰ বিশেষ পদক্ষেপ

70

ষ্টাফৰিপোৰ্টাৰ, ১৮ এপ্ৰিল : সমগ্ৰ বিশ্বজুৰি মহামাৰী কৰ’না ত্ৰাস অব্যাহত আছে । লকডাউনৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ দেশ তথা ৰাজ্যৰ চৌদিশ।এনে এক জৰুৰীকালীন সময়তো একাংশ লোকে নিজৰ কৰ্তব্য পালন কৰি গৈছে ৷ স্বাস্থ্যকৰ্মী, আৰক্ষী বিষয়া, সংবাদকৰ্মী সকলে নিৰন্তৰ ভাৱে সেৱা আগবঢ়াই গৈছে ৷ এইসকল লোকক উৎসাহ দিয়াৰ উদ্দেশ্যে বৃহত্তৰ হেঙেৰাবাৰী ৰঙালী বিহু সন্মিলনে সম্বৰ্ধনা জনায়। হেঙেৰাবাৰীস্থিত স্বাস্থ্য সেৱা সঞ্চালয়কালয়ৰ সকলো কৰ্মচাৰী, দিছপুৰ আৰক্ষী থানাৰ আৰক্ষী আৰু সংবাদকৰ্মীক মাস্ক, গামোচা আৰু লাৰু পিঠাৰে শনিবাৰে সন্মান জনায় ৷ হেঙেৰাবাৰী বিহু সন্মিলনীৰ হৈ উপদেষ্টা অনন্ত ৰাম কলিতা, শৈলেন দাস, হিৰেন্দ্ৰ কুমাৰ তামুলী, সভাপতি ৰঞ্জন কটকী, সাধাৰণ সম্পাদক দীপাংকৰ নাথ আদি এই কাৰ্যসূচীত উপস্থিত থাকে।হেঙেৰাবাৰী বিহু সন্মিলনীৰ এই কাৰ্যক সকলোৱে শলাগ লয় ৷