অসম বিধানসভাৰ উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে আটাইকেইখন আসনত বিজয়ী হলেও বিজেপি শাসিত হিমাচল প্ৰদেশত বাৰুকৈয়ে মুখ ঠেকেছা খালে শাসকীয় দলটো। আজি ঘোষণা হোৱা হিমাচল প্ৰদেশ বিধাসভাৰ উপ নিৰ্বাচনৰ ফলাফলৰ তিনিওখন আসনতে বিজয়ী হয় কংগ্ৰেছ প্ৰাৰ্থী। আনহাতে ৰাজ্যখনৰ মাণ্ডি সংসদীয় সমষ্টিতো বিপুল ভোটৰ ব্যৱধানত জয়ী হয় কংগ্ৰেছ প্ৰাৰ্থীগৰাকী।
মঙলবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি কংগ্ৰেছে ফতেহপুৰ, আৰ্কি আৰু জুব্বাল-কোটখাই বিধানসভা সমষ্টিত শাসকীয় দলৰ প্ৰাৰ্থীক পৰাভূত কৰি জয়ী হয়। আনহাতে ২০১৯ৰ লোকসভা নিৰ্বাচনত ৪ লাখৰো অধিক ভোটৰ ব্যৱধানত বিজেপিয়ে দখল কৰা মাণ্ডি সমষ্টিতো এইবাৰ বিজয় ধ্বজা উৰুৱায় কংগ্ৰেছে।
কংগ্ৰেছ প্ৰাৰ্থী ভৱানী সিং পাঠানিয়া, সঞ্জয় আৰু ৰোহিত ঠাকুৰে ক্ৰমে ফতেহপুৰ, আৰ্কি আৰু জুব্বাল-কোটখাই বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰিছে। মাণ্ডি সংসদীয় আসনত প্ৰয়াত মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পত্নী কংগ্ৰেছৰ প্ৰতিভা সিঙে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী -কাৰ্গিল যুদ্ধৰ নায়ক বিজেপিৰ ব্ৰিগেডিয়াৰ খুশাল ঠাকুৰক পৰাস্ত কৰে।
বিজেপিৰ পৰাজয়ৰ পিছত নৈতিক ভিত্তিত মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰৰ পদত্যাগ দাবী কৰে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি কুলদীপ সিং ৰাঠৌৰে। তেওঁ সাংবাদিকক কয় যে কংগ্ৰেছে “ছেমিফাইনেল”ত জয়ী হৈছে আৰু অহা বছৰৰ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনতো বিজয়ী হ’ব।
