হিমন্ত বিশ্ব শৰ্মাক লৈ মন্তব্য আজমলৰ: পৃথিৱীৰ ভিতৰত কেৱল মোকহে ভয় কৰে হিমন্তই

61

নিৰ্বাচনৰ মাজত মথো কেইটা দিন । এতিয়া সমগ্ৰ অসমৰ লগতে পশ্চিম অসমৰ ২৭ নং বিলাসীপাৰা পূৱ সমষ্টিত বলিছে নিৰ্বাচনী বতাহ। এটাৰ পিছত এটা ৰাজনৈতিক দলে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। মংগলবাৰে ২৭ নং বিলাসীপাৰা পূৱ সমষ্টিৰ মহাজোটৰ প্ৰাৰ্থী তথা AIUDF দলৰ মনোনীত প্ৰাৰ্থী ছামছুল হুদাৰ প্ৰচাৰ চলাবলৈ বিলাসীপাৰা পূৱ সমষ্টিত উপস্থিত হয় AIUDF দলৰ প্ৰধান সাংসদ বদৰুদ্দিন আজমল। বিলাসীপাৰাত এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰি পোনে পোনে ৰাওনা হয় চাপৰ অভিমূখে। সন্ধিয়া চাপৰৰ হাজি মাৰ্কেটত এখন সভাত উপস্থিত হৈ আজমলে কয় যে অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা ভয় খাইছে বদৰুদ্দিন আজমলক লৈ ।

অসমৰ পৰা বিদায় দিব বিজেপিক। মূখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ যদি সাহস আছে তেনেহলে অসম চুক্তি ৰূপায়ন কৰক। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল, বিজেপিৰ দল।
মহাজোঁট বন্ধনে ৭৪+ আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰে। চাপৰ অঞ্চলত মুঠ তিনিখন কৈ সভাত উপস্থিত থাকে সাংসদ গৰাকী।