হিজবুল মুজাহিদীনৰ মুখ্য নেতা টাইগাৰ মেননসহ ১৮ জনক সন্ত্ৰাসবাদী ঘোষণা

60

ডিজিটেল ডেস্কঃ হিজবুল মুজাহিদীনৰ মুখ্য নেতা টাইগাৰ মেননসহ ১৮ জনক গৃহ বিভাগে ঘোষণা কৰিলে সন্ত্ৰাসবাদী। বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন, ১৯৬৭ৰ অধীনত ১৮ জনক সন্ত্ৰাসবাদীৰ তালিকাত সন্নিৱিষ্ট কৰে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে। হিজবুল মুজাহিদীনৰ মুৰব্বী চৈয়দ চালেউদ্দিন, ইণ্ডিয়ান মুজাহিদীনৰ প্ৰধান ৰিয়াজ ভটকাল, আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ ভাতৃ আনিছ ইব্ৰাহিম, ছোতা ছাকিল, টাইগাৰ মেননসহ ১৮ জনক ভাৰত চৰকাৰে সন্ত্ৰাসবাদী ঘোষণা কৰে।

ইউএপিএ আইনৰ অধীনত এজন এজন ব্যক্তিক সন্ত্ৰাসবাদী ঘোষণা কৰা হয়। ২০১৯চনত মোডী চৰকাৰে এই আইন সংশোধন কৰে। পূৰ্বে সংগঠন সমূহক সন্ত্ৰাসবাদী সংগঠনৰূপে ঘোষণা কৰা হৈছিল যদিও ইয়াৰ নেতাসকলক সন্ত্ৰাসবাদী ঘোষণা কৰা হোৱা নাছিল। গৃহ মন্ত্ৰণালয়ে এক নিৰ্দেশযোগে কয় যে এইসকল লোক সীমাৰ সিপাৰৰ সন্ত্ৰাসবাদীৰ সৈতে জড়িত থকাই নহয়, দেশৰ অস্থিৰ কৰা কাৰ্যৰ সৈতেও জড়িত হৈ আছে। গৃহমন্ত্ৰী অমিত শ্বাহে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দেশবাসীয়ে যুঁজাৰ সংকল্প লোৱা বুলি কয়।

এই তালিকাখনত ইউছুফ মুজামিল, আব্দুল ৰহমান মক্কী, ইউছুফ আজহাৰ, শ্বাহিদ মহমুদ, আব্দুল ৰোভ আজগৰ, ফৰতুল্লাহ গৌৰী, ইব্ৰাহিম আটহৰ, ছাহিদ লতিফ, গুলাম নবী খান, জফৰ ভাট, মহম্মদ ইকবাল, জাভেদ ছিকনাৰ নাম সন্নিৱিষ্ট হৈ আছে। এইসকল লোকে বিগত তিনিটা দশকত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বোমা বিস্ফোৰণকে ধৰি দেশ বিৰোধী কাৰ্যকলাপ কৰাৰ নজিৰ আছে।