হাৰমতিৰ বাগান গেটৰ সমীপত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ

391

লখিমপুৰ জিলাৰ হাৰমতিৰ বাগান গেটৰ সমীপত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ।হাৰমতিত ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হয় গাঞ্জা খনি।
AR 01J 8958 নম্বৰৰ এখন বিলাশী বাহনৰ পৰা উদ্ধাৰ হয় এই গাঞ্জা খিনি।বিক্ৰী কৰিবলৈ আহোতে স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয় গাঞ্জা খিনি।অৱশ্যে পলাই সাৰিবলৈ সক্ষম ‌হল বিক্ৰী কৰিবলৈ অহা ‌ব্যক্তিজন।
এগৰাকী বৃদ্ধাক বিক্ৰী কৰিবলৈ আহিছিল গাঞ্জা খিনি।
হাৰমতি আৰক্ষীৰ সহযোগত বৃদ্ধা গৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় কেইবা কেজি গাঞ্জা।উল্লেখযোগ্য যে বহুবছৰ ধৰি এই বৃদ্ধা গৰাকীয়ে চলাই আহিছে গাঞ্জাৰ ব্যৱসায়।হাৰমতিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত এখন সৰু দোকান দি অতি সংগোপনে চলাই গৈছিল গাঞ্জা
ব্যৱসায়।