ষ্টাফৰিপোৰ্টাৰ, ২১ এপ্ৰিল :: মানৱ জাতিৰ সংকট কঢিয়াই অনা ক’ভিড-১৯ৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰাৰ ক্ষেত্ৰত সাংবাদিক সকলে নিজৰ জীৱনৰ কথা চিন্তা নকৰি দিনে-নিশাই কৰ্তব্য পালন কৰি আহিছে। এনে সময়ত সাংবাদিক সকলে যাতে নিৰাপদে থাকিব পাৰে সেই উদ্দেশ্যে হায়াত হাস্পতালে সাংবাদিক, ফটো আৰু ভিভিঅ সাংবাদিকসকলক কিছু মাস্ক আৰু ছিনেটাইজাৰ আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে দিনৰ ১২ বজাত আমাৰ এই সামান্য শুভেচ্ছা প্ৰেছ ক্লাৱৰ চৌহদৰ পৰা এই সামগ্ৰী সমূহ বিতৰণ কৰা হ’ব বুলি হায়াত হাস্পতাল মহাপ্ৰন্ধক
পৰাগজ্যোতি দত্তই এক বিবৃতি যোগে জনাইছে।