হায়দৰাবাদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত অথন্তৰ…

190

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত অথন্তৰ। মঞ্চত মুখ্যমন্ত্ৰীগৰাকীৰ মুখৰ পৰা মাইক্ৰফোন কাঢ়ি নিয়াৰ চেষ্টা এজন ব্যক্তিৰ।

হায়দৰাবাদৰ এক ৰেলীত লোকজনে মুখ্যমন্ত্ৰী শৰ্মাৰ পৰা মাইকটো কাঢ়ি নিয়াৰ চেষ্টা কৰে।

পিছত লোকজনক শাসকীয় তেলেংগানা ৰাষ্ট্ৰ সমিতি (টি আৰ এছ) দলৰ কৰ্মী বুলি চিনাক্ত কৰা হয়।

তাত উপস্থিত বিজেপিৰ নেতা-কৰ্মীসকলে মানুহজনক ক্ষীপ্ৰতাৰে মঞ্চৰ পৰা নমাই আনিলে।

ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই বংশগত ৰাজনীতি বিষয়ক লৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক তীব্ৰ সমালোচনা কৰি কয় যে জাতিৰ ৰাজনীতি বংশমুক্ত হ’ব লাগে।