ষ্টাফ ৰিপোৰ্টাৰ : ক’ভিড-১৯ প্ৰতিৰোধৰ উদ্দেশ্যে ৩ মে’লৈ বৃদ্ধি কৰা হৈছে লকডাউন। এই ৰোগ প্ৰতিৰোধ কৰাৰ প্ৰধান উপায় হ’ল সামাজিক দূৰত্ব বজায় ৰখা, মাস্ক পৰিধান কৰা, ছিনেটাইজাৰ বা চাবোনেৰে হাত-মুখ ধুই ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰা। মন কৰিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বিতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰাৰ সময়তে অন্যান্য সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে। প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ লগত সংগতি ৰাখি হায়াত হাস্পতালে বুধবাৰে গুৱাহাটীৰ কেইবাখন থানাত মাস্ক বিতৰণ কৰে। এই প্ৰসংগত হায়াত হাস্পতালৰ মহাপ্ৰন্ধক পৰাগজ্যোতি দত্তই কয় “নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি আৰক্ষীৰ জোৱানৰ পৰা শীৰ্ষ বিষয়ালৈ প্ৰত্যেকেই দিনে-নিশাই কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে আন্তৰিকতাৰে দায়িত্ব পালন কৰি আহিছে। সৰ্বসাধাৰণক সজাগ-সচেতন কৰিবলৈ প্ৰতিকুল পৰিস্থিতিতো বাটে-পথে টহল দি ফুৰা আৰক্ষী বাহিনীৰ নিৰাপদ স্বাস্থ্যৰ উদ্দেশ্য হায়াত হাস্পতালে মাস্ক বিতৰণৰ কাৰ্যসূচী ৰূপায়ন কৰে। মহাপ্ৰন্ধক দত্তই প্ৰকাশ কৰা অনুসৰি আজি প্ৰাথমিকভাৱে দিছপুৰ, হাতীগাওঁ, ফটাশিল-আমবাৰী আৰু ওডালবাক্ৰা আৰক্ষী চকীত মাস্ক বিতৰণ কৰা হয়। প্ৰতিখন থানা আৰু থানাৰ যান-বাহন শাখাক মুঠ ২০০ খনকৈ মাস্ক দিয়া হয়। থানাৰ উপৰি বাটে-পথে কৰ্তব্যৰত আৰক্ষীৰ মাজতো মাস্ক বিতৰণ কৰা কাৰ্যসূচীত দত্তৰ লগতে হায়াত হাস্পতালৰ অধীক্ষক ডাঃ নাছিমুৰ ৰিয়াজ আৰু উপ অধীক্ষক ডাঃ বিষ্ণু দাসে অংশগ্ৰহণ কৰে।
Latest article
আইবিএছৰ সৈতে যাপন কৰক: লক্ষণ অনুসৰি পৰিচালনা আৰু জীৱনৰ মান উন্নত কৰক
সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যক্তি ইৰিটেবল বাৱেল চিণ্ড্ৰম (আইবিএছ) নামেৰে জনাজাত সাধাৰণ গেষ্ট্ৰাইটিছ ৰোগত আক্ৰান্ত। দীৰ্ঘদিনীয়া পেটৰ বিষ, পেট ফুলা আৰু মলত্যাগ কৰাৰ তাৰতম্য...
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ২৪ লাখ টকাৰ জৰিমনা
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ইয়াত গুজৰাট টাইটানছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলৰ সময়ত ধীৰ অভাৰৰ বাবে ২৪ লাখ টকাৰ জৰিমনা...
২০২৮ৰ লছ এঞ্জেলছ অলিম্পিকত ৬টাকৈ পুৰুষ-মহিলা ক্ৰিকেট দলৰ প্ৰতিদ্বন্দিতা
অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ দাবী দীৰ্ঘদিন ধৰি চলি আহিছে। ক্ৰিকেট এতিয়া ২০২৮ লছ এঞ্জেলছ অলিম্পিকত প্ৰৱেশ কৰিছে। ছয়টা দলে সোণৰ পদকৰ বাবে প্ৰতিদ্বন্দিতা কৰিব।...