হাথৰসৰ কাণ্ডৰ অভিযুক্তৰ সমৰ্থনত অনুষ্ঠিত হ’ল সভা…

74

ডিজিটেল ডেস্কঃ ২৯ ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰসত দলবদ্ধ বলাৎকাৰৰ বলি হোৱা যুৱতীগৰাকীৰ মৃত্যু ঘটিছিল। এই ঘটনাক লৈ সমগ্ৰ দেশ এতিয়া উত্তাল হৈ আছে। ছ’চিয়েল মিডিয়া, ৰাজপথ সকলোতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে। যুৱতীগৰাকীয়ে মৃত্যুৰ পূৰ্বে আৰক্ষীক দি যোৱা ভাষ্য অনুসৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সন্দীপ, ৰামু, লৱকুশ আৰু ৰবি নামৰ দোষী কেইজনক।

সমগ্ৰ দেশেই দোষীক শাস্তি বিহি নিৰ্যাতিতাক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰাৰ বিপৰতী তথাকথিত উচ্চ বৰ্ণৰ ৪ অভিযুক্তৰ সমৰ্থনত হাথৰসত অনুষ্ঠিত হ’ল এখন সভা। নিৰ্যাতিতাৰ গাঁৱৰ সমীপতে অনুষ্ঠিত এই সভাখনত উপস্থিত আছিল বলাৎকাৰ কাণ্ডৰ অন্যতম অভিযুক্ত লৱকুশৰ পৰিয়ালো।

খবৰ অনুসৰি, হাথৰসৰ ৰাজবীৰ সিং পহলৱান নামৰ বিজেপি নেতাজনৰ ঘৰত অনুষ্ঠিত হয় এই সভাখন। এছডিএমৰ অনুমতি অবিহনেই অনুষ্ঠিত এই সভাখনত সমগ্ৰ ঘটনাৰ তদন্ত চিবিআইৰ জৰিয়তে কৰাৰ দাবী জনোৱা হয়। আনহাতে সভাত নিৰ্যাতিতাৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰো দাবী উঠে। অৱশ্যে বিজেপি নেতাজনে এই সভাখন চিবিআইৰ তদন্তক আদৰণি জনাই অনুষ্ঠিত কৰা বুলি মন্তব্য কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শুকুৰবাৰেও সুৱৰ্ণ সমাজে এখন বৈঠক অনুষ্ঠিত কৰিছিল অভিযুক্তৰ সমৰ্থনত।