হাথৰস কাণ্ডক লৈ মৌন বিজেপি নেতা এতিয়া সাৰ পাইছে ৰাজস্থানৰ পূজাৰী হত্যাকাণ্ডক লৈ…

53

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ডক লৈ মৌন ব্ৰত ধাৰণ কৰা বিজেপি যেন এতিয়া হঠাৎ সাৰ পাই উঠিছে ৰাজস্থানৰ পূজাৰী হত্যাকাণ্ডৰ পিছত। কংগ্ৰেছ শাসিত ৰাজ্যখনৰ কৰোল জিলাত এগৰাকী মন্দিৰৰ পূজাৰীক ভূমি বিবাদক কেন্দ্ৰ কৰি পেট্ৰ’ল ঢালি জ্বলাই দিয়া কাণ্ডৰ বিৰুদ্ধে এতিয়া ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা আৰম্ভ কৰিছে বিজেপিয়ে। সাংসদ ৰাজ্যবৰ্ধন ৰাথোৰৰ পিছত এইবাৰ গেহলোট চৰকাৰৰ ওপৰত তীক্ষ্ণ বাক্যবান এৰিছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে।

ৰাজস্থানৰ আইন-কানুন এতিয়া সম্পূৰ্ণৰূপে ধ্বংস হোৱা বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে কয়, ‘ৰাহুল গান্ধীয়ে ভাৰত দৰ্শন কৰাৰ বিপৰীতে ৰাজস্থানৰ জিলাই জিলাই যোৱা উচিত। তেওঁ ৰাজস্থান চৰকাৰৰ পৰা হয় পদত্যাগ পত্ৰ লওক, নহলে সংশোধন কৰাৰ বাবে প্ৰতিশ্ৰুতি লওক। কিন্তু তেওঁ একো নকৰে, কেৱল ৰাজনীতি কৰিব। এই ৰাজনীতিও মানুহে এতিয়া সহ্য নকৰে। কৰোলত পূজাৰীক হত্যা এক অতি সংবেদনশীল বিষয়। ইয়াৰ ওপৰত চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা লোৱা উচিত। ৰাহুল গান্ধী শীঘ্ৰে তাত উপস্থিত হোৱা উচিত।’

উল্লেখ্য যে, কৰোল জিলাত ভূমি বিবাদক কেন্দ্ৰ কৰি মন্দিৰৰ এগৰাকী পূজাৰীক জীৱন্তে জ্বলাই দিছিল মীনা সম্প্ৰদায়ৰ ৬ জন লোকে। অতি মুমূৰ্ষ অৱস্থাত পূজাৰী বাবুলাল বৈষ্ণৱক হাস্পতালত ভৰ্তি কৰা হয় যদিও বৃহস্পতিবাৰে সন্ধিয়া তেওঁৰ মৃত্যু ঘটে। তাৰ পিছতে বিজেপিয়ে ৰাজ্যখনৰ নিৰাপত্তা, আইন-কানুনক লৈ কংগ্ৰেছ চৰকাৰৰ ওপৰত প্ৰশ্ন তোলে। ইফালে মুখ্যমন্ত্ৰী অশোক গেহলোটে শীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰিছে।